মই এখন পৃথিৱী কঢ়িয়াই লৈ ফুৰো

Standard

মই  এখন  পৃথিৱী কঢ়িয়াই লৈ ফুৰো
অতি স্পৰ্শকাতৰ ,অপ্ৰকাশিত আৰু আবেগস্পৰ্শিত ।
তাত ৰাতিপুৱা হয় তীব্ৰ অনুভৱৰ বিচ্ছুৰিত পোহৰেৰে
কুকুৰাৰ ডাক, মছজিদৰ নামাজ আৰু চৰাইৰ প্ৰভাত সংগীতৰ আগতেই মোৰ পৃথিৱীত ৰাতিপুৱা হয়।
মই মোৰ আত্মাৰ অনুভববোৰক নিৰৱতাৰ বুকুত লৈ ৰৌদ্ৰস্নান কৰাও
শুই থকা দিনটো ৰাতিৰ শেতেলিৰ পৰা উঠি আহে।
খেতিয়কে খেতি কৰিবলৈ যোৱাৰ আগতেই
মোৰ পৃথিৱীৰ সেউজীয়া পথাৰখনত গৰ্ভৱতী হয়  শইচ
সৃষ্টিৰ উকমুকনি হয় – পৃথিৱীখনো ৰাংঢালি হয় ।
মোৰ পৃথিৱীখনত কেতিয়াবা আবেগৰ ধাৰাষাৰ বৰষুণ হয়
তিতি বুৰি যায় মোৰ সত্বা
মই মোৰ পৰিচয় হেৰুৱায় পেলাও
অগ্রজ/অনুজ/সহৰ্কমী/বন্ধু সকলোৱে মোকলৈ চিন্তিত হয় –
আত্ম পৰিচয় হেৰুৱাব ধৰা বাস্তৱৰ খেয়ালী মানুহজনকলৈ ।
মই  মানুহে নিবিচৰা,ভাল নোপোৱা, বেয়া বুলি কোৱা
কামবোৰকচোন কৰিব ধৰো বৰষুণত তিতি বুৰি ।

মই ভাবি নাচাও , উভতি নাচাও ,

বিবেকক আবদ্ধ কৰি থঁও কোনো বন্ধ কোঠালীত
চাবিকাঠি লুকোৱাই থঁও কোনো প্ৰত্নপ্ৰস্তৰ যুগৰ অন্ধকাৰ গহ্বৰত ।
কেতিয়াবা চিৰালফটা দিয়ে মোৰ পৃথিৱীত,মৰুভুমিৰ সৃ্ষ্টি হয়
ৰুক্ষ হৈ পৰে মোৰ ভবা/চিন্তা কৰা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা
আত্মভিমানী মোৰ কলমৰ চিঁয়াহীও শুকাই যায় হৃদয়ৰ উত্তাপত
মৰিচিকা খেদি ফুৰা অনুভৱবোৰো অকামিলা হৈ পৰে মই কঢ়িয়াই লৈ ফুৰা পৃথিৱীত ।

Advertisements

তুমি নক’লেও

Standard

তুমি নক’লেও তোমাৰ চকুৱে মোক ভাবুক কৰি তুলিলে
তুমি নক’লেও তোমাৰ চঞ্চল চাৱনিয়ে মোক আবেগিক কৰি তুলিলে
তুমি নক’লেও তোমাৰ উত্তেজনাই মোৰ বহু নিশা কাঢ়ি নিলে
তুমি নক’লেও তোমাৰ মৰমে মোক উন্মাদ ৰাতিৰ উন্মাদ প্রেমিক কৰি তুলিলে
তুমি নক’লেও তুমি বৈ থাকা তেজ হৈ মোৰ প্রতি সিৰা উপসিৰাৰে…
তুমি নক’লেও তোমাৰ হাঁহিয়ে মোৰ হাতৰ কলমক ষোড়সী গাভৰু কৰি তুলিলে
তুমি নক’লেও তোমাৰ ইচ্ছাই বহু বগা কাগজত চিয়াঁহীৰ দাগ আঁকি দিলে
তুমি নক’লেও তোমাৰ উশাহে মোক লেখক সজাই তুলিলে
তুমি অভিমান ধৰিলেও মই বুজি পাওঁ তোমাৰ বুকুত খেলি থকা শব্দৰ খেলা
মই বুজি পাওঁ কেনেকৈ শব্দই গতি কৰে ভাব আৰু অনুভৱৰ গিৰিখাতেদি
তুমি বেয়া পালেও/ভাল পালেও মোৰ ভাব, ভাষা আৰু মনৰ পৃথিৱীৰ তুমি স্থায়ী বাসিন্দা…

তোমাৰ মুখখনৰ অভিব্যক্তি বুজি পাওঁ মই

Standard

তোমাৰ মুখখনৰ অভিব্যক্তি বুজি পাওঁ মই
এই যে হাঁলিজাঁলি থাকা ,মুখখন কোঁচাই দিয়া তাকো মই বুজি পাওঁ
তোমাৰ নাকৰ পাহিৰ উঠা-নমা , ঘন-ঘন উশাহ-নিশাহ আৰু
ওঁঠৰ কোণেৰে ওলাই মোক আহত কৰা হাঁহিৰ স’তেও মই অতি পৰিচিত
তোমাৰ চকুৱে সিঁচি দিয়া আনন্দ আৰু প্রশান্তিৰ খবৰো মই প্রতিদিনে পাঁও ।
তোমাৰ শৰীৰেৰে মই আঁকিব জানো মোৰ কবিতাৰ তেজ আৰু ধমনী
তোমাৰ ঊৎসাহ আৰু উদ্দীপনাত মই কেনেকৈ খেলি-ধুলি ফুৰো
তুমি চাগে সদায় ৰাতিপুৱাৰ পোহৰেৰে উপলব্ধি কৰা ।
তুমি মোৰ অতি পৰিচিত এটি ঠিকনা
আৰু মই তোমাৰ হৃদয়ৰ শব্দৰে সঁজা পঁজাৰ স্হায়ী বাসিন্দা।

তোমাৰ হাতৰ স্পৰ্শৰে মই কবিতা লেখোঁ

Standard

তোমাৰ হাতৰ স্পৰ্শৰে মই কবিতা লেখোঁ
তোমাৰ হাঁহিৰ ঢৌৰে মই মোৰ কলিজা জীপাল কৰোঁ
তোমাৰ আবেগেৰে মই দুখৰ দিনত পোহৰৰ ঘৰ সাজোঁ
তোমাৰ হৃদয়ৰ টুকুৰা-টুকুৰ আখৰেৰে প্রেম কাক কয় মই এজাক উৰণীয়া নীড়মুখী পক্ষীক কওঁ
তোমাৰ উশাহেৰে কম্পিত হয় পৃথিৱীৰ প্রতিটো ৰাতিপুৱা।

“নদীৰ বুকুত মেলি দিয়া হৃদয়ৰ নাওঁ
পাৰঘাটলৈ কেতিয়া উভতিব ? ” – কোনোবা বলিয়া কবিয়ে আবেলিৰ বেলিৰ উষ্ণতাত কোনো শীতল বৃক্ষৰ ছাঁয়াত বহি সোধে মোক ।
মই কওঁ ভটীয়নি নৈৰ বৈ থকা পানীৰ স’তে মোৰ সহজাত প্রেম
তাহানিৰে পৰা এই তীব্রতাত ভূগিছোঁ মই ।
মোৰ শব্দবিহীনতাত চৌদিশে লিখে
মোৰ কলিজাত শুই থকা মোৰ আজন্ম প্রেয়সীয়ে
মোৰ বুকুৰ কথা
মোৰ উন্মাদনাৰ কথা
মই কওঁ নদীপৰীয়া কোনো ভটিয়ালী সুৰৰ স’তে হেৰাই যোৱা
মোৰ অনুভৱ ভৰা খেয়ালি মনৰ কথা
কবিয়ে শুনে মোৰ কথাবোৰ
ভটীয়নি সোঁতৰ ফালে চাই-চাই কবিয়ে কবিতা লেখে মেলি দিয়া নাৱৰ।

তোমাৰ হাতৰ স্পৰ্শৰে মই কবিতা লেখোঁ
বলিয়া কোনো এক কবিৰ দৰে কোনো এক দুপৰীয়া
কোনো অচিন নদীৰ অচিন ঘাটত …
ঈৰ্ষাত কঁপি উঠে মৎসগন্ধা আৰু স্তব্ধ হৈ পৰে দুপৰীয়াৰ জলক্রীয়া ।

তোমাৰ উত্তাপ

Standard

তোমাৰ ঘন-ঘন উশাহ-নিশাহৰ উত্তাপে মোক জ্বলি-পুৰি মাৰিছে
মই জ্বলি-জ্বলি চাৰখাৰ হৈছো
কোনো পানীৰ প্রয়োজন নাই সন্তাপ আৰু নিৰ্বাপনৰ
এনেকৈয়ে মোক জ্বলি জ্বলি পুৰিবলৈ দিয়া
তোমাৰ উত্তাপেৰে মই আত্মদহন কৰো
সন্তাপিত কৰিবলৈ এতিয়া প্রয়োজন নাই
বেলিৰ ৰ’দৰ উত্তাপো যেন সেমেকি উঠে
তো্মাৰ উত্তাপে ম্লান কৰে তেনেকৈয়ে সূৰ্য্যৰ দম্ভালি
মই তোমাৰ উত্তাপত জহিছো খহিছো….

তোমাৰ ওঁঠৰ স্পৰ্শ

Standard

তোমাৰ ওঁঠৰ সুবাসে মোৰ চকু ধুঁৱলি-কুঁৱলি কৰিছে
চাওঁ, অলপ মৰমৰ স্পৰ্শ আঁকি দিঁও
তোমাৰ ওঁঠৰ স্পৰ্শই মোক তোমাৰ বুকুলৈ লৈ যায় এনেকৈয়ে
তুমি হাঁহি দিয়া
মই হেৰাই যাব খোজো
তুমি আকৌ মোক আঁজুৰি আনি তোমাৰ বুকুৰ মাজত গুজি ধৰা
মই তো্মাৰ বুকুৰ উত্তাপত উষ্ণ কৰোঁ মোৰ হৃদয়ৰ কথাবোৰ
তোমাৰ বুকুৰ ধপ-ধপ শব্দবোৰে মোৰ কাণত সঙ্গীতৰ মূৰ্ছনা সৃষ্টি কৰে
আমি সঙ্গীতময় এখন পৃথিৱীৰ কথা পাতোঁ
তুমি সিঁচি দিয়া তাত তোমাৰ অনুভূতিৰ কোমল তৰঙ্গ
আৰু মই?
উদ্ভ্রান্ত কোনো পখীৰ দৰে তাত উদ্দাম নৃত্য কৰোঁ
মই হেৰাই যাওঁ তোমাৰ বুকুৰ ভিতৰে বাহিৰে
তো্মাৰ প্রেমৰ তীব্রতাত মই অস্থিৰ হৈ পৰোঁ
মই আঁকিব খোজোঁ, লেখিব খোজোঁ, সৃষ্টি কৰিব খোজোঁ
তাহানিৰ উত্তাপ ভৰা শৈশৱৰ উতনুৱা মন
মই যেন সিঁচি দিম মোৰ যৌৱনৰ সকলো উন্মাদনা তো্মাৰ বুকুৰ মাজত
মই যেন এটি উৰণীয়া মন হৈ পামগৈ তোমাৰ কাষত
বতাহত আহিব তাৰ খবৰ
তুমি ৰৈ থাকিবা এটি দুপৰীয়া
তোমাৰ ওঁঠৰ স্পৰ্শই মোক তোমাৰ বুকুৰ গভীৰতালৈ লৈ যায় এনেকৈয়ে

তোমাৰ অসুখৰ খবৰ মোক শেঁতা পৰা বেলিৰ পোহৰে দিলে

Standard

 

Image

তোমাৰ অসুখৰ খবৰ মোক শেঁতা পৰা বেলিৰ পোহৰে দিলে
নীলা আকাশখনত ডাৱৰে চটিয়াই দিলে
উৎসাহবিহীন ৰাতিপুৱাৰ এক শীতল বতাহ।
তুমি নিৰুত্তাপ আৰু নিস্তেজ কবিতা হোৱাটো মই নিবিচাৰোঁ
আৰু নিবিচাৰো তো্মাৰ নামান্তৰ হওক দুখ, দুৰ্বলতা আৰু দুঃসংবাদ
এখন উদ্যমবিহীন পৃথিৱীৰ অনিশ্চিত এক সংবাদো হোৱাটো
মই নিবিচাৰোঁ তুমি
যেনেকৈ মই নিবিচাৰোঁ তুমি গলি গলি যোৱা
দুৰ্বল নিশাৰ উৎসাহবিহীন মমডালৰ টুকুৰা টুকুৰ ভগ্ন টোপাল হোৱা ।
তোমাৰ অসুখ অস্থায়ী বুলি মই দঢ়াই দঢ়াই ক’লো সকলোকে
তুমি বুজিলা নে নুবুজিলা মই নেজানো
কিন্তু নদীৰ বুকুত খলকনি উঠিছিল মোৰ ঘোষণাত,
এজাক চৰাইৰ উদ্দাম নৃত্যত অতিস্হ হৈ পৰিছিল
নিহালীৰে শুই থকা সিক্ত দুবৰি-বন।
মই অবিশ্বাস কৰিছিলো আৰু কৈছিলো সকলোকে উৰা বাতৰি বুলি
মোৰ কথাত পতিয়ন গৈছিল এজাক পখিলা
আৰু তাহাঁতি আঁকি দিছিল উষ্ণ চুমা
ৰঙা ,নীলা, হালধীয়া অজস্র ফুলৰ ৰক্তাভ ওঁঠত।
লজ্জা-সুখ আৰু সন্তুষ্টিত গছবোৰ-পাতবোৰ
বতাহৰ নৃত্যৰ তালে-তালে ইচাটি-বিচাটি কৰিছিল।
তোমাৰ অসুখৰ খবৰে অসুখী কৰি তুলিব খোজে পৃ্থিৱীক
স্থবিৰ হ’ব খোজে সময়ৰ গতি আৰু নিৰ্বাক হ’ব খোজে পৃথিৱীৰ কোলাহল
মই বুজাও, পতিয়ন নিয়াব খোজো যে
তোমাৰ অসুখ অস্থায়ী , অতি দুৰ্বল মাথো এক সাময়িক খবৰ।